গুৱাহাটী, ০১ ফেব্ৰুৱাৰী : উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে’লৰ যাত্ৰা অধিক সুৰক্ষিত আৰু নিৰাপদ কৰাৰ বাবে অহৰহ প্ৰচেষ্টাৰ দিশত, ৰে’লত অগ্নিকাণ্ড প্ৰতিহত কৰিবলৈ কাৰিকৰীভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় ৰেলৱেৰ এক প্ৰচেষ্টা হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ পথত চলাচল কৰি থকা ৰে’লসমূহৰ আইচিএফ ডবাসমূহক লিংকে হফমান বুশ্ব (এল.এইচ.বি.) ডবালৈ ৰূপান্তৰিত কৰিছে য’ত অগ্নি আৰু ধোঁৱা চিনাক্তকৰণ প্ৰণালী (এফএছডিএছ), অগ্নি চিনাক্তকৰণ আৰু প্ৰশমন প্ৰণালী (এফডিএছএছ)ৰ দৰে উন্নত কাৰিকৰী ব্যৱস্থা কৰা হৈছে আৰু লগতে এছপায়াৰেচন টাইপ স্মোক ডিটেক্টৰ আৰু এৰোচ’ল আধাৰিত অগ্নি চিনাক্তকৰণ প্ৰণালীৰ ব্যৱস্থা কৰা হৈছে।
২০২৩-২৪বৰ্ষত, গুৰুত্বপূৰ্ণ ৰুটত চলাচল কৰা ৯খন দীৰ্ঘ দূৰত্বৰ ৰেলক বৰ্তমানৰ পৰম্পৰাগত ৰেকৰ সলনি এলএইচবি ৰেকলৈ ৰূপান্তৰ কৰা হয়। এতিয়ালৈকে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত চলি থকা মুঠ ৪০ খন ৰেল আধুনিক এলএইচবি ৰেকলৈ ৰূপান্তৰিত কৰা হৈছে। এলএইচবি ৰেকসমূহ আধুনিক হাইড্ৰলিক শ্বক এবজৰ্বাৰ আৰু উন্নত চাচপেনশ্বন প্ৰণালীৰে সজ্জিত যি পৰম্পৰাগত ৰেকৰ তুলনাত যাত্ৰীসকলৰ বাবে অধিক ভ্ৰমণৰ আৰাম নিশ্চিত কৰে। এলএইচবি ডবাসমূহ সংঘৰ্ষ-প্ৰতিৰোধী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হয় যাৰ বাবে দুৰ্ঘটনাৰ সময়ত প্ৰাণহানি কম হয়। উচ্চ গতিত সুদক্ষ ব্ৰেকিংকৰাৰ বাবে প্ৰতিটো কোচত এডভান্সড নিউমেটিক ডিস্ক ব্ৰেক চিষ্টেম থাকে।
লগতে, উত্তৰ পূব সীমান্ত ৰেলৱেই শেহতীয়াকৈ ৮২৫টা এলএইচবি এচি ডবা, ১৪৭খন পাৱাৰ কাৰ আৰু ৬৮খন পেণ্ট্ৰী কাৰ ইয়াৰ সেৱাত নিয়োজিত কৰিছে য’ত এফএছডিএছ আৰু এফডিএছএছ সংলগ্ন কৰা আছে। ইয়াৰ লগতে ২৫৮ টা এচি ডবাৰ শৌচাগাৰ এস্পিৰেচন টাইপ স্মোক ডিটেক্টৰৰ সৈতে স্থাপন কৰা হয়। আনহাতে চলিত বিত্তীয় বৰ্ষত ৩০ টা এচি ডবা এৰোচ’ল আধাৰিত অগ্নি চিনাক্তকৰণ প্ৰণালীৰ সৈতে সংযোজিত আছিল। ৰে’লৰ অগ্নি চিনাক্তকৰণ প্ৰণালীয়ে ৰে’লৰ ডবাসমূহৰ স্থান নিৰীক্ষণ কৰাত সহায় কৰে যি যিকোনো অবাঞ্ছিত জুই লগা ঘটনাৰ সন্মুখীন হ’লে ইয়াৰ প্ৰতিৰোধৰ বাবে এলাৰ্ম বজোৱাত সহায় কৰে। জুই লগা ঘটনা চিনাক্তকৰণৰ আগতীয়া আৰু নিৰ্ভৰযোগ্য সতৰ্কবাণীয়ে আতংক আৰু আঘাত প্ৰতিহত কৰিব পাৰে এনেদৰে ৰে’ল সেৱাত ব্যাঘাত জন্মাব পৰা জীৱন আৰু সম্পত্তিৰ ক্ষতি হ্ৰাস কৰিব পাৰে।
ৰে’ল সুৰক্ষাৰ বিকাশ হৈছে এক ধাৰাবাহিক প্ৰক্ৰিয়া আৰু ইয়াক উন্নত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা হৈছে। সম্পদৰ ৰক্ষণাবেক্ষণ, সুৰক্ষা প্ৰক্ৰিয়া আৰু প্ৰণালীগত ত্ৰুটিৰ দুৰ্বল এলেকা চিনাক্ত কৰাৰ বাবে আৰু দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উপায় আৰু দিশ প্ৰদান কৰাৰ লক্ষ্যৰে নিয়মীয়া ব্যৱধানত সুৰক্ষা অডিট/নিৰীক্ষণ কৰা হয়। ইয়াৰ উপৰিও, কৰ্মচাৰীসকলৰ মাজত সুৰক্ষা সচেতনতা সৃষ্টি কৰিবলৈ আৰু সম্পত্তিৰ তত্বাৱধানকে ধৰি সুৰক্ষাৰ দিশসমূহ সুশৃংখল কৰাৰ বাবে সময়ে সময়ে সাময়িক সুৰক্ষা অভিযান চলাই থকাৰ বিষয়ে মূখ্য জন সম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেয়ে এক বিবৃতিযোগে জানিবলৈ দিয়ে।
