নগাঁও, ৩০ জানুৱাৰী : নগাঁৱৰ পুৰনিগুদামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত যোৱা নিশা চুৰিকাণ্ড সংঘটিত হয়। চোৰে মাজনিশা পুৰনিগুদাম কলেজৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অংশুমান অসম লগীশটিক নামৰ প্রতিষ্ঠানখনৰ চি চি টিভিৰ কেমেৰা ভাঙি চলাই আছিল লুটপাত।
পুৰণিগুদাম আৰক্ষীৰ এটা দলে নিশা তহল দি থকা অৱস্থাত চুৰিকাণ্ডৰ উমান পাই আৰু চোৰৰ দলে ব্যৱহাৰ কৰা এএছ ০১ ইচি ৭৬১৯ নম্বৰৰ এখন ছয়চকীয়া বাহন জব্দ কৰাৰ লগতে কেইবা লক্ষাধিক টকা মূল্যৰ প্ৰায় ২৬ বস্তা চূৰি ছুফাৰি উদ্ধাৰ কৰে যদিও চোৰৰ দলটোৱে পলায়ন কৰে।
চুৰিকাণ্ড সংঘটিত কৰাৰ এই ঘটনা বন্দী হৈছে চি চি টিভি কেমেৰাত। পুৰণিগুদাম আৰক্ষীৰ তৎপৰতাক ধন্যবাদ দিয়ে ব্যৱসায়িক প্রতিষ্ঠানখনৰ গৰাকীয়ে।
