পাটনা, ২৮ জানুৱাৰী : বিহাৰত শাসকীয় জেডিইউ-আৰজেডিৰ মাজত চলি থকা মতানৈক্যৰ মাজতে আজি মুখ্যমন্ত্রী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী ফধৰ পৰা পদত্যাগ কৰে। পুৱা ১১ বজাত বিধায়িনী দলৰ বৈঠকৰ অন্তত নীতিশ কুমাৰে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
ইফালে বিজেপিৰ সূত্ৰ অনুসৰি আজি বিয়লি প্ৰায় ৩ বজাত এলজেপি (ৰাম বিলাস)ৰ সভাপতি চিৰাগ পাছৱানৰ সৈতে দিল্লীৰ পৰা পাটনালৈ আহি আছে ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। নিশা ৮ বজালৈ তেওঁ ইয়াত থকাৰ সম্ভাৱনা আছে। এই বিভাজনৰ মাজতে আৰজেডি নেতা তেজস্বী যাদৱে বাতৰি কাকতত বিজ্ঞাপন দিছে। ইয়াত তেওঁ নিজৰ দলৰ (চৰকাৰ নহয়) কামৰ সবিশেষ দিছে। বিজ্ঞাপনত জেডিইউ বা নীতিশ চৰকাৰৰ কোনো উল্লেখ নাই।
