তিনিচুকীয়া, ২৬ জানুৱাৰী : তিনিচুকীয়াত দুষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে নিশা শিলাবৰ্ষণ কৰে মাকুম-ডিগবৈ আৰু ডুমডুমা সংযোগী বাইপাছত। পথেৰে চলাচল কৰা কেইবাখনো বাহনৰ ওপৰত চাহ বাগিছাৰ মাজৰ পৰা একাংশ দুস্কৃতিকাৰী শিল নিক্ষেপ কৰি বাহনৰ ক্ষতি সাধন কৰে ৷
দুষ্কৃতিকাৰীৰ শিল নিক্ষেপত আহত হৈছে এখন স্কৰ্পিঅ’ বাহনত অহা মহিলা ৷ মূৰত আঘাত পোৱা মহিলা গৰাকীৰ নাম শিখাৰাণী মৰাণ৷ আহত মহিলা গৰাকীক আৰ.চি.মেমৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ স্কৰ্পিঅ’ বাহনখনো ক্ষতিগ্ৰস্ত হৈছে ৷ দুদিনৰ পূৰ্বে কাকপথাৰলৈ যোৱা এখন বাহনতো শিলমাৰি ক্ষতিসাধন কৰিছিল দুস্কৃতিকাৰীয়ে ৷ নিশা হলেই প্ৰায় একাংশ দুস্কৃতিকাৰী চাহ বাগিছাৰ মাজৰ পৰা যান বাহনৰ ওপৰত শিল দলিয়াই ৷ সমগ্ৰ ঘটনাই এতিয়া তিনিচুকীয়াত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে ৷
