
কামৰূপ, ২৫ জানুৱাৰী (হি স)। কামৰূপ জিলাৰ ৰঙিয়া তুলসীবাৰীৰ ঐতিহ্যমণ্ডিত গোপাল গৰখীয়া মাৰলি থানৰ অহা ২৬ জানুৱাৰী তাৰিখে প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত হ’ব। এই মহোৎসৱ উপলক্ষে গৰখীয়া থানত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে । এই উৎসৱটি সাফল্যমন্দিত কৰিবলৈ দিনে নিশাই পূৰ্ণ প্ৰস্তুতি চলিছে। লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে আয়োজক সমিতি।
মহোৎসৱৰ দিনা থানত উপস্থিত হোৱা প্ৰতিগৰাকী ভক্তক অপ্যায়ন কৰিব আয়োজক সমিতিয়ে। ইতিমধ্যে ৰাজহুৱা ভোগ বিতৰণ কৰিবলৈ ১০০ টাকৈ চৌকা আৰু ৩০০ গৰাকী ৰন্ধন কৰ্মী সাজু হৈছে। এই থানৰ বিশেষত্ব এই যে কোনো লোকে পবিত্ৰ অন্তৰেৰে চাকি বন্তি জ্বলাই ভোগ প্ৰদান কৰি মানস কৰিলে কাঙ্খিত ফল লাভ হয় বুলি লোকবিশ্বাস আছে। উল্লেযোগ্য যে এই উৎসৱটি পৰিচালনা কৰোঁতে যি ধনৰ খৰচ হয় এইয়া ভক্তবাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণিৰ পৰা সংগ্ৰহ হয়। মহোৎসৱটিক লৈ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
