বৰপেটা, ২৪ জানুৱাৰী (হি.স.)। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰচৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত আজি হাজাৰ হাজাৰ মহিলাৰ সমাবেশ।পুৱাৰে পৰা পঞ্চায়ত খনত হাজাৰ হাজাৰ মহিলাৰ হেতা ওপৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যোমিতা আঁচনিৰ অধীনত দিবলগীয়া দহ হেজাৰ টকাৰ ফৰ্মৰ বাবে।
পঞ্চায়ত সচিবে আমাক জানিবলৈ দিয়া মতে আলোপতি মাজৰচৰ গাওঁ পঞ্চায়তত মুঠ আত্মসহায়ক গোটৰ সংখ্যা ১৫০ খন আৰু সৰ্বমুঠ ফৰ্ম আহিছে ১৮৫০ খন।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
