নতুন দিল্লী, ২৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জননেতা কৰ্পুৰী ঠাকুৰক গভীৰভাৱে সোৱৰণ কৰে । প্ৰধানমন্ত্ৰীয়ে জনায়কৰ গৰাকীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ভাৰত ৰত্নৰে জননায়ক কৰ্পুৰী ঠাকুৰক সম্বৰ্ধনা জনোৱাৰ কথা ঘোষণা কৰিছে।
আজি পুৱা প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে, জননায়ক কৰ্পুৰী ঠাকুৰ জীৰ জন্ম শতবাৰ্ষিকীত সমগ্ৰ দেশৰ পৰিয়ালৰ সদস্যৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছো। এই বিশেষ অনুষ্ঠানত আমাৰ চৰকাৰে তেওঁক ভাৰতৰত্নৰে সন্মান জনোৱাৰ সৌভাগ্য লাভ কৰিছে। ভাৰতীয় সমাজ আৰু ৰাজনীতিত তেওঁ যি অবিস্মৰণীয় চাপ খোদিত কৰিছে, সেই বিষয়ে মোৰ অনুভৱ আৰু মতামত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰৱিন্দ
