বঙাইগাঁও, ২৪ জানুৱাৰী (হি.স.): কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আজি ৰাতিপুৱা বঙাইগাঁও জিলাত আহি পায়হি। বঙাইগাঁও জিলাৰ ৰঙাপানী ৰাজ্যিক চিকিৎসালয়ৰ সম্মুখত ৰাহুল গান্ধীক অভিবাদন জনাবলৈ ৰাতিপুৱাৰ পৰা হাজাৰ হাজাৰ মানুহ একেলগ হৈছে।
ৰাহুল গান্ধীয়ে বঙাইগাঁও জিলাত কেইবাটাও ঠাইত ৰাইজৰ অভিবাদন গ্ৰহণ কৰিব। ৰঙাপানী ৰাজ্যিক চিকিৎসালয়ৰ সম্মুখত পদ পথত কিছু সময় ৰাইজক উদ্দেশ্যি ভাষন প্ৰদান কৰিব ৰাহুল গান্ধীয়ে। তাৰ পিছত অভয়াপুৰী, উত্তৰ শালমাৰা লৈ ৰাওনা হ’ব ৰাহুল গান্ধী।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
