নতুন দিল্লী, ২৩ জানুৱাৰী (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে মহান বিপ্লৱী তথা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক নেতাজী সুভাষ চন্দ্ৰ বসুক তেওঁৰ গুণ স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে। কৃতজ্ঞ ৰাষ্ট্ৰখনে আজি নেতাজীৰ জন্ম বাৰ্ষিকী শৌৰ্য্য দিৱস হিচাপে পালন কৰিছে।
আজি পুৱা বিজেপিয়ে কয় -ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মহান নায়ক মহান দেশপ্ৰেমী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীত ভাৰত মাতৃৰ সাহসী পুত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৬.৩০ বজাত ৰাষ্ট্ৰীয় ৰাজধানীৰ ঐতিহাসিক লালকিল্লাত নদিনীয়া শৌৰ্য্য (পৰাক্ৰম) দিৱস আৰু ভাৰত পৰ্ব উদযাপনৰ উদ্বোধন কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
