দোহা, ২২ জানুৱাৰী (হি.স.)। এ এফ চি এছিয়ান কাপত দেওবাৰে ৯ জনীয়া কিৰ্গিস্তানৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰি ছৌদি আৰবে ১৬ ৰাউণ্ডলৈ আগবাঢ়িছে।
আহমেদ বিন আলী ষ্টেডিয়ামত ৩৯,৫৫৭ জন অনুৰাগীৰ সন্মুখত তিনিবাৰৰ চেম্পিয়ন ছৌদি আৰবে ৬ পইণ্টেৰে গ্ৰুপ এফত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে।
ইয়াৰ পূৰ্বে দেওবাৰে থাইলেণ্ডে ওমানৰ সৈতে গ’লবিহীন ড্ৰ’ কৰি চাৰি পইণ্টেৰে গ্ৰুপৰ দ্বিতীয় স্থান দখল কৰি নকআউট পৰ্যায়লৈ যোৱাৰ আশা বৃদ্ধি কৰে।
সাহস আৰু তীব্ৰতাৰে খেলি কিৰ্গিস্তানে খেলখন শক্তিশালীভাৱে আৰম্ভ কৰিছিল যদিও মাত্ৰ ৯ মিনিটৰ পিছত আজাৰ আখমাতভক ৰঙা কাৰ্ড দেখুওৱাত দলটো ১০ জন খেলুৱৈলৈ হ্ৰাস পাইছিল।
৩৫ মিনিটত মহম্মদ কান্নোৰ গ’লৰ সহায়ত চৌদি আৰবে ১-০ গ’লত অগ্ৰগতি লাভ কৰে।
দ্বিতীয়াৰ্ধৰ ছয় মিনিটৰ ভিতৰতে কিৰ্গিস্তানৰ সমস্যা আৰু অধিক ভয়াৱহ হৈ পৰে যেতিয়া হাছান আল টাম্বাকাটিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱাৰ পিছত কিমি মাৰ্ককো ৰঙা কাৰ্ড দেখুওৱা হয়।
বল নিয়ন্ত্ৰণত আধিপত্য আৰু সংখ্যাগত সুবিধাৰ বাবে চৌদি আৰবে গ’ল দিয়াৰ কেইবাটাও সুযোগ পাইছিল যদিও কিৰ্গিস্তানৰ দৃঢ় ৰক্ষণভাগক জয় কৰিব নোৱাৰিলে।
স্বাভাৱিক সময় শেষ হোৱাৰ ছয় মিনিট পূৰ্বে ছৌদি আৰৱৰ হৈ দ্বিতীয়টো গ’ল। ছৌদি আৰৱৰ বিকল্প খেলুৱৈ ফাইছাল আল গামদীয়ে বাকচৰ প্ৰান্তৰ পৰা এটা লং শ্বট চলায়, আৰু গ’লৰক্ষক এৰজান টকোটায়েভে ইয়াক ৰখাব নোৱাৰিলে। ইয়াৰ লগে লগে ছৌদি আৰবে ২-০ গ’লত জয়লাভ কৰে।
গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত কিৰ্গিস্তানে ওমানৰ বিৰুদ্ধে খেলিব। ১২ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এছিয়ান কাপত মুঠ ২৪টা দলে ছটা গ্ৰুপত অংশগ্ৰহণ কৰিছে। গ্ৰুপৰ বিজয়ী আৰু ৰানাৰ্ছ আপ দলৰ লগতে তৃতীয় স্থানৰ চাৰিটা শ্ৰেষ্ঠ দলৰ সৈতে নকআউট পৰ্যায়লৈ আগবাঢ়িব।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
