লখিমপুৰ, ২১ জানুৱাৰী (হি.স.)। গোগামুখত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টি পথ নিৰ্মাণৰ বাবে হাতে হাতে কোৰ-বেলছালৈ ওলাই আহিল গাঁওবাসী। সততে দাম্ভিকতা মাৰি ফুৰা শিক্ষামন্ত্ৰীৰ ডাঃৰণোজ পেগু গৃহ সমষ্টিত বাট পথৰ সমস্যাই জনসাধাৰণৰ জীয়াতু ভুগিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে।
গোগামুখৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ১ কি:মি: ৰ নিলগৰ গোগামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত লখিমপুৰ-ধেমাজি সীমান্তৱৰ্তী ন-গাঁৱৰ এটি পথৰ বাবে বাসিন্দাই যম যান্তনা ভুগীব লগীয়া হয়।
উল্লেখযোগ্য যে গোগামুখক চহৰলৈ উন্নিতকৰণৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ বাবে প্ৰস্তাৱ প্ৰেৰণৰ সময়তে গোগামুখৰ এই পথটিৰ বাবে বাৰিষা কালত এককাল পৰ্যন্ত পানীৰে ডুব গৈ থাকে ,যাৰ ফলত বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয় যোৱাৰ পৰা বঞ্চিত হব লগা হয় ।
জিলাপৰিষদ ,গোগামুখ গাঁও পঞ্চায়ত আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদত বাৰে বাৰে আৱেদন জনাইছে যদিও কোনো ধৰনৰ সহাৰি নোপোৱাত উপায়ন্তৰ হৈ গাঁওবাসীয়ে অৱশেষত প্ৰতি ঘৰৰে পৰা কষ্টোপাৰ্জিত গাঁঠি ধন সংগ্ৰহ কৰি হাতে-হাতে কোৰ আৰু বেলছা লৈ আজি নিজেই শ্ৰমদানেৰে পথ মেৰামতিৰ বাবে ওলাই আহিল গাত্তঁবাসী।
বিজেপি শাসনাধিষ্ঠ চৰকাৰে প্ৰতিটো সময়তে উন্নয়নৰ শ্ল”গান আওৰাই অহা সময়তে গোগামুখ নগৰৰ ওচৰৰে এটি পথ আজি পৰ্যন্ত ৰজাঘৰীয়া পজাঘৰীয়া দৃষ্টি নপৰাত ক্ষোভ উজাৰিছে গাঁওবাসীয়ে । অতি শীঘ্ৰে উক্ত পথটি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। অন্যথা আগন্তুক নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা শাসনাধিষ্ঠ বিজেপি প্ৰাৰ্থীক অঞ্চলটোত প্ৰৱেশ নিষিদ্ধ কৰিব গাঁওবাসীয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
