
তিনিচুকীয়া, ২১ জানুৱাৰী (হি.স.): অৰুণাচলৰ আনজাওত যোৱাকালি সন্ধিয়াৰ ভাগত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ পাহাৰীয়া পথৰ পৰা দ’খাৱৈত বাগৰি পৰিল তিনিচুকীয়াৰ পৰা যোৱা এএছ ২৩ এডি ৭৩৬০ নম্বৰৰ বাহন খন ৷
দূৰ্ঘটনাটোত থিতাতে নিহত হয় পাঁচজনকৈ লোক৷ তিনিচুকীয়া মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী আছিল মৃত্যু মুখত পৰা উক্ত পাঁচ গৰাকী লোক। পাহাৰৰ দ’খাৱৈ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহকেইটা।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
