পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকে অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে। শ্বোৱেইব মালিকে নিজৰ টুইটাৰ একাউণ্টৰ পৰা দুখন বিয়াৰ ছবি পোষ্ট কৰিছে। ছানিয়া আৰু শ্বোয়াইবৰ সম্পৰ্ক শেষ হৈছে নেকি? এই পোষ্টটোৰ উত্তৰত মানুহে এনেধৰণৰ প্ৰশ্ন কৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছানা জাভেদ আৰু শ্বোয়াইব মালিকৰ বিয়াৰ ফটো। পাকিস্তানী অল ৰাউণ্ডাৰ শ্বোয়াইব মালিকে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীক দ্বিতীয় বিবাহৰ খবৰ দিছে। শ্বোৱেইবে ছানা জাভেদৰ লগত বিয়া কৰাইছে বুলি কৈছে। যোৱা কেইমাহমানৰ পৰা শ্বোয়াইব মালিক আৰু ছানিয়া মিৰ্জাৰ সম্পৰ্কৰ খবৰ আহিছিল। ছানিয়া মিৰ্জাই শ্বোয়াইবৰ সৈতে থকা ছবি নিজৰ একাউণ্টৰ পৰা ডিলিট কৰিছিল। সেই সম্পৰ্কে বহু চৰ্চা চলিছিল। এই সকলো আলোচনাৰ অন্ত পেলাই শ্বোৱেইব মালিকে কৈছে যে তেওঁ ছানা জাভেদক বিয়া কৰাইছে। নৱবিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰিছে। এই বিশেষ অনুষ্ঠানটোৰ বাবে শ্বোয়াইব আৰু ছানাই মেচিং আউটফিট পিন্ধিছিল। ক্ৰিকেটাৰগৰাকীয়ে সোণৰ এম্ব্ৰয়ডাৰী চাদৰৰ সৈতে বগা শ্বেৰৱানী পিন্ধি থকাৰ বিপৰীতে কইনাগৰাকীয়ে সেউজীয়া আৰু সোণৰ গহনাৰে বেইজ ৰঙৰ লেহেংগা পিন্ধিছিল। এই ঘোষণাৰ কিছু সময়ৰ পিছতে ছানা জাভেদে নিজৰ ইনষ্টাগ্ৰাম বায়’ সলনি কৰি ছানা শ্বোয়াইব মালিক কৰে।
ইয়াৰ পূৰ্বে শ্বোৱেইবে বিখ্যাত ভাৰতীয় টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ৪১ বছৰীয়া শ্বোৱেইব আৰু ছানিয়া মিৰ্জাৰ বিবাহ ২০১০ চনত হৈছিল। এয়া আছিল শ্বোয়াইবৰ দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে শ্বোৱেইব আৰু আয়েছা ছিদ্দিকিৰ বিবাহ বিচ্ছেদ হৈছিল। ছানিয়া আৰু সোহৰাব মিৰ্জাৰ জোৰণ হৈছিল যদিও বিয়া হোৱা নাছিল। পাকিস্তানী খেলুৱৈক বিয়া কৰোৱা ছানিয়া মিৰ্জাক বহুত ট্ৰ’ল কৰা হৈছিল। বিয়াৰ পিছত ছানিয়া-শ্বোৱেইবে ডুবাইত বাস কৰিছিল। ৪১ বছৰীয়া শ্বোৱেইব পাকিস্তানৰ প্ৰাক্তন অধিনায়ক আৰু তেওঁ পাকিস্তানক প্ৰতিনিধিত্ব কৰি ৩৫খন টেষ্ট, ২৮৭খন এদিনীয়া আৰু ১২৪খন টি-২০ মেচত অংশগ্ৰহণ কৰিছে। তেওঁ নিয়মিতভাৱে বিশ্বৰ বিভিন্ন ২০-২০ লীগত দহটাতকৈও অধিক দলৰ হৈ খেলে।
হিন্দুস্থান সমাচাৰ / লোকেশ চন্দ্ৰ/মনোজ
