বেইজিং, ২০ জানুৱাৰী (হি.স.)। চীনৰ হেনান প্ৰদেশৰ কন কন ল’ৰা-ছোৱালীৰ বিদ্যালয়ৰ ছাত্ৰাবাসত অগ্নিকাণ্ডত তেৰজন লোকৰ মৃত্যু হয়। চাইনা ডেইলীৰ বাতৰি অনুসৰি শুকুৰবাৰে নিশা ১১ বজাৰ ঠিক আগতে নানয়াঙৰ ফাংচেং কাউন্টিৰ দুছু চহৰৰ য়ানছানপু গাঁৱৰ ইংকাই স্কুলৰ এটা ছাত্ৰাবাসত সংঘটিত হয় এই অগ্নিকাণ্ড।
চীন ডেইলীৰ তথ্য অনুসৰি ১৩ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে আৰু এজন লোক বেয়াকৈ অগ্নিদগ্ধ গৈছে। তেওঁ স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। লগে লগে উদ্ধাৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হয় আৰু নিশা ১১:৩৮ বজাত জুই নিৰ্বাপিত হয়। এই বিদ্যালয়ত কিণ্ডাৰগাৰ্টেন আৰু প্ৰাথমিক শ্ৰেণীৰ শিক্ষা প্ৰদান কৰা হয়। কাউন্টিৰ ডাউনটাউন এলেকাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত ইংকাই স্কুলখন।
উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত উত্তৰ চীনৰ ছানচি প্ৰদেশৰ কয়লা কোম্পানী এটাৰ কাৰ্যালয়ত অগ্নিকাণ্ডত ২৬ জন লোকৰ মৃত্যু হৈছিল। যোৱা বছৰৰ এপ্ৰিল মাহত বেইজিঙৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ডত ২৯ জন লোকৰ মৃত্যু হৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
