-বেংগালুৰুৱে আকাংক্ষাক উদ্ভাৱন আৰু কৃতিত্বৰ সৈতে সংযোগ কৰে: প্ৰধানমন্ত্ৰী
-কাৰ্যসূচীত মোডী-মোডী শ্লোগান উত্থাপন কৰা হয়, মঞ্চত উপস্থিত থাকে মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়া
নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কৰ্ণাটকৰ বেংগালুৰুত বয়িং ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি চেণ্টাৰ (বিআইইটিচি)ৰ নতুন অত্যাধুনিক চৌহদ উদ্বোধন কৰে। ১৬০০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মিত এই ৪৩ একৰ কমপ্লেক্স আমেৰিকাৰ বাহিৰত বয়িঙৰ সৰ্ববৃহৎ বিনিয়োগ।
এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন কেন্দ্ৰই ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে বিমান পৰিবহণ খণ্ডক শক্তিশালী কৰি তুলিব। এই কেন্দ্ৰটোৱে উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে কাম কৰিব আৰু বিমান পৰিবহণৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। এই সুবিধাত এদিন ভাৰতে ভৱিষ্যতৰ বিমানৰ ডিজাইন কৰিব। তেওঁ কয় যে বেংগালুৰু এখন চহৰ যিয়ে আকাংক্ষাক উদ্ভাৱন আৰু কৃতিত্বৰ সৈতে সংযোগ কৰে। বেংগালুৰুৱে ভাৰতৰ প্ৰযুক্তিগত সামৰ্থ্যক বিশ্বৰ চাহিদাৰ সৈতে সংযোগ কৰে। বয়িঙৰ এই নতুন গ্ল’বেল টেকন’লজি কেম্পাছটোৱে বেংগালুৰুৰ এই পৰিচয়ক শক্তিশালী কৰিব।
মোদীয়ে কয় যে এই কেম্পাছে ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ সংকল্পক শক্তিশালী কৰে। এই কেম্পাছটোৱে ভাৰতৰ সামৰ্থ্যৰ প্ৰতি বিশ্বৰ আস্থাও অধিক শক্তিশালী কৰিব। ভাৰতে এই কেন্দ্ৰত ভৱিষ্যতৰ বিমানৰ ডিজাইনো কৰিব। তেওঁ কয় যে এই সুবিধাই বিশ্ব প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন, ডিজাইন আৰু চাহিদাক আগুৱাই নিয়াৰ বাবে ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। এই সুবিধাই মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ডৰ সংকল্পক শক্তিশালী কৰে।
বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহণ খণ্ডত যি পৰিবৰ্তন হৈছে তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতে নিজৰ নাগৰিকৰ আকাংক্ষাক অগ্ৰাধিকাৰ দিয়ে। ২০১৪ চনত ভাৰতত প্ৰায় ৭০টা কাৰ্যকৰী বিমানবন্দৰ আছিল। আজি ভাৰতত ১৫০ টাতকৈও অধিক কাৰ্যকৰী বিমানবন্দৰ আছে। কেন্দ্ৰীয় চৰকাৰে কেৱল বিমানবন্দৰ নিৰ্মাণ কৰাই নহয়, ইয়াৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰতো কাম কৰিছে। দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান পৰিবহণ খণ্ডই ভাৰতৰ বৃদ্ধি আৰু কৰ্মসংস্থাপন সৃষ্টিত সহায় কৰে।
ইফালে, বিগত ১০ বছৰত চৰকাৰৰ সাফল্য গণনা কৰি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰত এখন স্থায়ী চৰকাৰ আছে বুলি উল্লেখ কৰাৰ বিপৰীতে ৰাইজে হাত চাপৰি বজাই মোডী-মোডীৰ শ্লোগানেৰে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰে। এই সন্দৰ্ভত মোদীয়ে মঞ্চত উপস্থিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়াক ক’লে, “চিদ্দাৰমৈয়া জী, এইটো হৈয়েই থাকে।”
মোদীয়ে কয়, ‘ভাৰতৰ পৰ্যটন খণ্ডও অতি দ্ৰুতগতিত বিকশিত হৈছে। নতুন নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। ভাৰতত ইমান সম্ভাৱনা আছে, গতিকে ভাৰতত বিমান নিৰ্মাণৰ পৰিৱেশ তন্ত্ৰ আমি দ্ৰুতগতিত গঢ়ি তুলিব লাগিব। ভাৰতত এম এছ এম ইৰ এক শক্তিশালী নেটৱৰ্ক আছে। ভাৰতত অতি বৃহৎ প্ৰতিভা পুল আছে। ভাৰতত এখন সুস্থিৰ চৰকাৰ আছে।”
চন্দ্ৰযানৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ চন্দ্ৰযান-৩ য’ত কোনো দেশে যাব নোৱাৰে তাত উপনীত হ’ল। এই সফলতাই দেশৰ যুৱক-যুৱতীসকলৰ মাজত বৈজ্ঞানিক স্বভাৱক এক নতুন উচ্চতালৈ লৈ গৈছে। তেওঁ কয় যে আজি বিমান পৰিবহণ খণ্ডৰ সৈতে জড়িত প্ৰতিজন অংশীদাৰ নতুন উদ্যমেৰে ভৰি পৰিছে। উৎপাদনৰ পৰা সেৱালৈকে প্ৰতিজন অংশীদাৰে ভাৰতত নতুন সম্ভাৱনাৰ সন্ধান কৰি আছে। লালকিল্লাত দিয়া ভাষণৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া সময়, সঠিক সময়। বয়িং আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবেও এই সময় উপযুক্ত। এই সময় তেওঁলোকৰ বাবে ভাৰতৰ দ্ৰুত বৃদ্ধিৰ সৈতে নিজৰ বৃদ্ধিৰ সম্পৰ্ক স্থাপনৰ সময়।
প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিমান আৰু মহাকাশ খণ্ডতো মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত ব্যস্ত। যুঁজাৰু বিমান পাইলট হওক বা অসামৰিক বিমান পৰিবহণ হওক, আজি মহিলা পাইলটৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে। আজি ভাৰতৰ ১৫ শতাংশ পাইলট মহিলা পাইলট। এইটো বিশ্বৰ গড়তকৈ তিনিগুণ বেছি। তেওঁ কয় যে ভাৰত এছটিইএম শিক্ষাৰ কেন্দ্ৰ, য’ত মহিলাৰ অংশগ্ৰহণ অতি উচ্চ।
হিন্দুস্থান সমাচাৰ/ সুশীল/মনোজ
