ৰাঁচী (ঝাৰখণ্ড), ১৯ জানুৱাৰী (হি.স.)। ৰাজধানী ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং এষ্ট্ৰ’টাৰ্ফ হকী ষ্টেডিয়ামত শুকুৰবাৰে নিউজিলেণ্ড আৰু ইটালীৰ মাজত চলি থকা এফ আই এইচ হকী অলিম্পিক কোৱালিফায়াৰ-২০২৪ৰ দ্বিতীয়খন খেল অনুষ্ঠিত হয়। মোৰাবাদত অনুষ্ঠিত এই মেচখনত নিউজিলেণ্ডে ২-১ গ’লত জয়লাভ কৰি পঞ্চম স্থান দখল কৰে। আঠখন দেশৰ এই প্ৰতিযোগিতাত ইটালীয়ে ষষ্ঠ স্থান লাভ কৰে।
মেচখনত নিউজিলেণ্ডৰ হৈ প্ৰথম কোৱাৰ্টাৰত অধিনায়ক অলিভিয়া মেৰী আৰু ৰোজ টিনানে এটাকৈ গ’ল দি স্ক’ৰ ২-০ কৰে। অৱশ্যে দ্বিতীয় কোৱাৰ্টাৰত ইভানা পেচিনাই এটা গ’ল দি ২-১ গ’লৰ ব্যৱধান কৰে। ইয়াৰ পিছত তৃতীয় কোৱাৰ্টাৰতে নিউজিলেণ্ডৰ হৈ হান্না কটাৰে এটা গ’ল দি নিজৰ দলৰ অগ্ৰগতি ৩-১লৈ বৃদ্ধি কৰে।
ইয়াৰ পূৰ্বে শুকুৰবাৰে চিলি আৰু চেক গণৰাজ্যৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হয়। কোৱালিফায়াৰত অংশগ্ৰহণ কৰা আঠখন দেশৰ ভিতৰত সপ্তম আৰু অষ্টম স্থানৰ বাবে মেচখন জয় কৰি চিলিয়ে এই প্ৰতিযোগিতাত সপ্তম স্থান লাভ কৰাৰ বিপৰীতে চেক গণৰাজ্যৰ দলটোৱে অষ্টম স্থান লাভ কৰে।
হিন্দুস্থান সমাচাৰ/বন্দনা/মনোজ
