নতুন দিল্লী, ১৮ জানুৱাৰী (হি.স.)। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ অহা ২২ জানুৱাৰীৰ বিয়লি ২:৩০ বজালৈ বন্ধ (আধা দিন) ৰখাৰ কথা ঘোষণা কৰিছে।
এই সন্দৰ্ভত কৰ্মী আৰু প্ৰশিক্ষণ বিভাগে কাৰ্যালয়ৰ অধিসূচনা পত্ৰ জাৰি কৰিছে। কোৱা হৈছে যে অহা ২২ জানুৱাৰীত ৰাম জন্মভূমি অভিষেক (প্ৰাণ প্ৰতিষ্ঠা) উৎসৱত অংশগ্ৰহণৰ বাবে কৰ্মচাৰীসকলক দুপৰীয়া ২.৩০ বজালৈ ছুটী দিয়া হৈছে।
লক্ষণীয় যে এই অভিষেক অনুষ্ঠানক এটা উৎসৱৰ দৰে উদযাপন কৰিবলৈ দেশে প্ৰস্তুতি চলাইছে। এই দিনটোত দীপাৱলী উদযাপন কৰি দেশক উজ্জ্বল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ/ অনুপ/মনোজ/অৰৱিন্দ
