নতুন দিল্লী, ১৮ জানুৱাৰী (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ১৯-২০ জানুৱাৰীত উগাণ্ডাৰ কাম্পালাত অনুষ্ঠিত হ’বলগীয়া গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ১৯ সংখ্যক শীৰ্ষ সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব । সন্মিলনৰ পূৰ্বে মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াৰ পৰ্যায়ত আলোচনা কৰা হ’ব।
এন এ এম শীৰ্ষ সন্মিলনৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া এন এ এমৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড০ ৰাজকুমাৰ ৰঞ্জন সিঙে। অহা ২১-২২ জানুৱাৰীত কাম্পালাত অনুষ্ঠিত হ’বলগীয়া জি-৭৭ তৃতীয় দক্ষিণ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে।
হিন্দুস্থান সমাচাৰ / বিৰঞ্চি/মনোজ/অৰবিন্দ
