ইছলামাবাদ, ১৮ জানুৱাৰী (হি.স.)। ইৰানৰ তৰফৰ পৰা পাকিস্তানত ড্ৰ’ন আৰু মিছাইল আক্ৰমণ আৰু দুয়োখন দেশৰ মাজত চলি থকা কূটনৈতিক স্থবিৰতাৰ মাজতে বৃহস্পতিবাৰে পাকিস্তানে দাবী কৰে যে বায়ুসেনাই ইৰাণৰ সীমান্তত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰিছে। এই আত্মগোপন স্থানসমূহ পাকিস্তানত বাঞ্চিত বেলুচ বিদ্ৰোহীৰ আছিল।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইৰাণৰ চিস্তান-অ-বেলুচিস্তান প্ৰদেশৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত পাকিস্তানে ধাৰাবাহিকভাৱে নিৰ্দিষ্ট লক্ষ্যৰে আক্ৰমণ চলাইছিল। এই কাৰ্যত বহু সন্ত্ৰাসবাদী নিহত হয়। চোৰাংচোৱা তথ্যৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
যোৱা ১৬ জানুৱাৰীত পাকিস্তানৰ বেলুচিস্তানত ইৰাণে চলোৱা বিমান আক্ৰমণৰ পিছত পাকিস্তানৰ এই পদক্ষেপ লোৱা হৈছে য’ত ইৰাণৰ বায়ুসেনাই পাকিস্তানৰ সীমান্তত অৱস্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-আল-আদলৰ দুটা ঘাটি আক্ৰমণ কৰিছিল।
পাকিস্তানে ইয়াক অগ্ৰাহ্য বুলি অভিহিত কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। একপক্ষীয় পদক্ষেপে আঞ্চলিক শান্তি বিপন্ন কৰিব পাৰে বুলি সকীয়াই দিয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী জলিল আব্বাছ জিলানীয়ে। এই উচটনিমূলক কার্যৰ পাছত পাকিস্তানে প্রত্যাক্ৰমণৰ অধিকাৰ লাভ কৰিছে ৷
সমগ্ৰ বিষয়টোক লৈ দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনা সৃষ্টি হৈছে। পাকিস্তানে ইৰাণৰ ৰাষ্ট্ৰদূতক বহিষ্কাৰ কৰিছে। লগতে ইৰাণৰ পৰাও নিজৰ ৰাষ্ট্ৰদূতক ওভতাই আনিছে।
ইফালে ইৰাণক সমৰ্থন কৰাৰ সময়ত ভাৰতে বুধবাৰে কৈছিল যে এয়া ইৰাণ আৰু পাকিস্তানৰ মাজৰ বিষয়। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি মানি চলিছে। আমি আত্মৰক্ষাৰ বাবে আন দেশে গ্ৰহণ কৰা এনে পদক্ষেপৰ বিষয়ে বুজিব পাৰো।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ
