প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক প্ৰদান কৰা হ’ব অসম বৈভৱ বঁটা
গুৱাহাটী, ১৬ জানুৱাৰী (হি.স.)। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ঘোষণা আজি কৰা হৈছে। ২০২৩ বৰ্ষৰ বাবে এই বঁটাপ্ৰাপকৰ নামৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। ড. শৰ্মাই আজি জনতা ভৱনত এই বঁটা প্ৰাপকৰ নাম সমূহৰ ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক এইবাৰৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হ’ব। আনহাতে অসম সৌৰভ বঁটা প্ৰদান কৰা হ’ব ৪ গৰাকীকৈ ব্যক্তিক। অসম সৌৰভ বঁটা প্ৰাপকসকলৰ নাম ক্ৰমে কিষাণ চান্দ নাৰীয়ান, সন্তৰবিদ এলভিছ আলী হাজৰিকা, দৌৰবিদ হিমা দাস আৰু নাদিৰাম দৈউৰী। তেনেদৰে ১৭ গৰাকীক লোকক এইবাৰ প্ৰদান কৰা হ’ব অসম গৌৰৱ বঁটা। অসম গৌৰৱ বঁটাৰ প্ৰাপকসকল ক্ৰমে দেৱজিত দেৱজিৎ চাংমাই, দ্ৰোণ ভূঞা, ৰঞ্জিত গগৈ, নীলম দত্ত, পাৰ্বতী বৰুৱা, অনুপম ডেকা, সৌমদীপ দত্ত, বসন্ত চিৰিং ফুকন, মনেন্দ্ৰ ডেকা, মিনাক্ষী চেতিয়া, পখিলা লেখটেপী, টেঞ্জিং বডোচা, নিৰ্মল দে’, জেচিন কুম্বাং পাও, মেৰি হাচা, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তা।
অহা ১০ ফেব্ৰুৱাৰীত অসমৰ ৰাজ্যপাল আৰু দেশৰ উপ ৰাষ্ট্ৰপতিয়ে এই বঁটাসমূহ প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
