– কোম্পানীৰ সকলো মডেলৰ মূল্য ০.৪৫ শতাংশ বৃদ্ধি
নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। দেশৰ সৰ্ববৃহৎ অটোমোবাইল নিৰ্মাতা তথা ব্যক্তিগত খণ্ডৰ মাৰুতি চুজুকি ইণ্ডিয়া (এমএছআই) য়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিলে বাহনৰ মূল্য। আজি মঙলবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য।
শ্বেয়াৰ বজাৰক দিয়া তথ্যত মাৰুতি চুজুকিয়ে কয় যে তেওঁলোকে নিজৰ সকলো মডেলৰ মূল্য আনুমানিক ওজনযুক্ত গড় ০.৪৫ শতাংশ বৃদ্ধি কৰিছে। অটো নিৰ্মাতা কোম্পানীটোৱে জনোৱা মতে, ২০২৪ চনৰ ১৬ জানুৱাৰীৰ পৰা বাহনৰ নতুন মূল্য কাৰ্যকৰী হ’ব। এম এছ আইয়ে আল্ট’ৰ পৰা ইনভিক্টোলৈকে বিভিন্ন ধৰণৰ গাড়ী বিক্ৰী কৰে। ইয়াৰ মূল্য ৩.৫৪ টকাৰ পৰা ২৮.৪২ লাখ টকাৰ ভিতৰত (এক্স-শ্ব’ৰুম)।
চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ডিছেম্বৰলৈকে মাৰুতি চুজুকিয়ে সৰ্বাধিক ২,০২,৭৮৬ খন বাহন ৰপ্তানি কৰিছে, যিটো যোৱা বছৰৰ একে সময়ছোৱাত ২০২২ চনৰ ১,৯২,০৭১ ইউনিটৰ সংখ্যাতকৈ ৬ শতাংশ বেছি।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ
