– ২৭-২৮ জানুৱাৰীত গুজৰাটৰ গান্ধীনগৰত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান
হিন্দী চিনেমাৰ বাবে গুৰুত্বপূৰ্ণ ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা ঘোষণা কৰা হৈছে। ইয়াৰ মনোনয়নত শ্বাহৰুখ খানৰ ‘জোৱান’ আৰু ‘ডংকি’ৰ লগতে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিয়ে আধিপত্য বিস্তাৰ কৰিছিল।
এইবাৰ ২৭-২৮ জানুৱাৰীত গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হ’ব ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত বলীউডৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব। কৰণ জোহৰ, আয়ুষ্মান খুৰৰানা আৰু মনীশ পলে অনুষ্ঠানটিৰ আঁত ধৰিব। বঁটাৰ বাবে মনোনয়ন তালিকা প্ৰকাশ কৰা হৈছে। বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনয়ন লাভ কৰিছে জোৱান আৰু ডংকি ছবিৰ বাবে। লগতে ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ই ১৯টা শাখাত মনোনয়ন লাভ কৰিছে।
মনোনয়নৰ সম্পূৰ্ণ তালিকা
শ্ৰেষ্ঠ চিনেমা
১.অভি টক
২/ দ্বাদশ ফেইল
৩/ এনিমেল
৪/ জোৱান
৫/ অ’ মাই গড-২
৬/ পাঠান
৭) ৰকি আৰু ৰাণী কী প্ৰেম কাহিনী
শ্ৰেষ্ঠ পৰিচালক
১/ অমিত ৰায় (অ’ মাই গড)
২/ এটলী (জোৱান)
৩) কৰণ জোহৰ (ৰকি আৰু ৰাণী কী প্ৰেম কাহিনী)
৪/ সন্দীপ ৰেড্ডী ভাংগা (এনিমেল)
৫) সিদ্ধাৰ্থ আনন্দ (পাঠান)
৬) বিধু বিনোদ চোপ্ৰা (দ্বাদশ ফেইল)
শ্ৰেষ্ঠ অভিনেতা
১) ৰণবীৰ কাপুৰ (এনিমেল)
২) ৰণবীৰ সিং (ৰকি আৰু ৰাণী কী প্ৰেম কাহিনী)
৩) শ্বাহৰুখ খান (ডংকি)
৪) শ্বাহৰুখ খান (জোৱান)
৫) ছানি দেউল (গদৰ-২)
৬) বিকি কৌশল (ছেম বাহাদুৰ)
শ্ৰেষ্ঠ অভিনেত্ৰী
১/ আলিয়া ভাট (ৰকি আৰু ৰাণী কী প্ৰেম কাহিনী)
২/ ভূমি পেডনেকাৰ (থেংক ইউ ফৰ কামিং)
৩/ দীপিকা পাডুকন (পাঠান)
৪/ কিয়াৰা আদৱানী (সত্য প্ৰেম কী কথা)
৫) ৰাণী মুখাৰ্জী (মিচেছ চেটাৰ্জী বনাম নৰৱে)
৬) তাপসী পান্নু (ডংকি)
শ্ৰেষ্ঠ সহযোগী অভিনেতা
১) আদিত্য ৰাৱাল (ফৰাজ)
২) অনিল কাপুৰ (এনিমেল)
৩/ ববি দেউল (এনিমেল)
৪) ইমৰাণ হাছমী (টাইগাৰ ৩)
৫) টোটা ৰয় চৌধুৰী (ৰকি আৰু ৰাণী কী প্ৰেম কাহিনী)
৬) বিকি কৌশল (ডংকি)
৭) শ্বাবানা আজমী (ৰকি আৰু ৰাণী কী প্ৰেম কাহিনী)
তৃপ্তি ডিমৰি (এনিমেল)
৯) য়ামী গৌতম (ওহ মাই গড-২)
শ্ৰেষ্ঠ কাহিনী
১/ অমিত ৰায় (অ’ মাই গড-২)
২) অনুভৱ সিনহা (ভীড়)
৩/ এটলী (জোৱান)
৪.দেৱাশীষ মখিজা (জোৰাম)
৫) ইশিতা মইত্ৰা, শশাংক খৈতন আৰু সুমিত ৰায় (ৰকি আৰু ৰাণী কী প্ৰেম কাহিনী)
৬) কৰণ শৰ্মা (সত্য প্ৰেম কি কথা)
৭) পাৰিজাত যোশী আৰু তৰুণ দুদেজা (ঢক ঢক)
৮) সিদ্ধাৰ্থ আনন্দ (পাঠান)
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
