












































































নগাঁও, ১৫ জানুৱাৰী (হি.স.)। নগাঁৱৰ গোমোঠাগাঁও আঞ্চলিক ম’হযুঁজ উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো আজি বিহুৰ দিনাই অনুষ্ঠিত হয় ভোগালী উৎসৱ আৰু ম’হযুঁজ প্ৰতিযোগিতা ৷ কৰণ কুমাৰ নেওগ সোঁৱৰণি ক্ষেত্ৰত লোকে লোকাৰণ্য পৰিৱেশৰ মাজতে অনুষ্ঠিত হয় এই ম”হযুঁজ প্ৰতিযোগিতাখনি৷
বিগত কেইবা বছৰৰ অন্তত ন্যায়ালয়ে নিষেধাজ্ঞা উঠাই দিয়াৰ পাছত তথা চৰকাৰী কিছু বাধ্য-বাধকতা ৰক্ষা কৰি নতুন উছাহেৰে অনুষ্ঠিত কৰে ম’হযুঁজ প্ৰতিযোগিতাখনি ৷ ঢোল-পেপা-গগণা আৰু বিহু গীতৰ সুৰত বিহুৱতীসকলে প্ৰাণ ঢালি নাচে ম”হযুঁজৰ পূৰ্বে৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত কেইবা হালো ম”হৰ যুঁজে অগণন লোকক আমোদ যোগায়।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক.
