আইজল, ১৫ জানুৱাৰী (হি.স.)। মিজোৰামৰ চেৰচিপ আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকা মূল্যৰ বাৰ্মিজ (ম্যানমাৰ) চুপাৰী জব্দ কৰিছে।
আজি ছেৰছিপ আৰক্ষী থানাৰ সূত্ৰই জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত দেওবাৰে বিলখাওথালি অঞ্চলত অভিযান চলোৱা হয়। এই অভিযানত এএছ ১১ চিচি ২২০২ নম্বৰৰ এখন ট্ৰাকৰ পৰা মুঠ ৯০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছে। ট্ৰাকখনৰ চালক আৰু চুপাৰীৰ মালিকক অবৈধ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
একেধৰণৰ আন এক ঘটনাত চেৰচিপৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান চলাই থেণ্টলং অঞ্চলৰ পৰা বাৰ্মিজ চুপাৰী ভৰ্তি ৭খন ট্ৰাক জব্দ কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
হিন্দুস্থান সমাচাৰ/সমীপ/মনোজ/অৰবিন্দ
