পিয়ংইয়াং, ১৫ জানুৱাৰী (হি.স.)। উত্তৰ কোৰিয়াই হাইপাৰছ’নিক ৱাৰহেডযুক্ত মধ্যম দূৰত্বৰ কঠিন ইন্ধনযুক্ত বেলিষ্টিক মিছাইলৰ পৰীক্ষাই বহু দেশক চিন্তিত কৰি তুলিছে। উত্তৰ কোৰিয়াৰ চৰকাৰী কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সীয়ে জনোৱা মতে, দেওবাৰে বিয়লি কৰা এই উৎক্ষেপণৰ লক্ষ্য হৈছে মিছাইলটোৰ কঠিন ইন্ধনযুক্ত ইঞ্জিনৰ নিৰ্ভৰযোগ্যতা আৰু হাইপাৰছ’নিক ৱাৰহেডৰ গতিশীল উৰণ ক্ষমতা নিশ্চিত কৰা। এই পৰীক্ষা সফল হৈছিল।
কেচিএনএৰ তথ্য অনুসৰি এই পৰীক্ষাই কোনো চুবুৰীয়া দেশৰ নিৰাপত্তাত কোনো প্ৰভাৱ পেলোৱা নাছিল আৰু ইয়াৰ আঞ্চলিক পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই। এই পৰীক্ষাটো প্ৰতিৰক্ষা বিজ্ঞান প্ৰতিষ্ঠানসমূহে শক্তিশালী অস্ত্ৰ ব্যৱস্থা গঢ়ি তোলাৰ নিয়মীয়া কাৰ্যকলাপৰ অংশ। সোমবাৰে এই পৰীক্ষাক লৈ দক্ষিণ কোৰিয়াই গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। জাপান টুডেৰ প্ৰতিবেদন অনুসৰি দক্ষিণ কোৰিয়াই কয় যে এই ক্ষেপণাস্ত্ৰ আমেৰিকাৰ দূৰৱৰ্তী লক্ষ্য আক্ৰমণৰ বাবে নিৰ্মাণ কৰা হৈছে। ইয়াৰ দ্বাৰা গুৱাম আৰু জাপানত অৱস্থিত আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ল’ব পাৰি।
দক্ষিণ কোৰিয়াৰ যুটীয়া মুখ্য সেনাধ্যক্ষই জনোৱা মতে, উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্ৰখন কোৰিয়া উপদ্বীপ আৰু জাপানৰ মাজৰ জলভাগত অৱতৰণ কৰাৰ পূৰ্বে প্ৰায় ১০০০ কিলোমিটাৰ (৬২০ মাইল) উৰি গৈছিল। প্ৰতিবেদন অনুসৰি উত্তৰ কোৰিয়াই ২০২১ চনৰ পৰা হাইপাৰছ’নিক অস্ত্ৰ পৰীক্ষা কৰি আহিছে। ইয়াক মেক ৫তকৈ অধিক গতিবেগ বা শব্দৰ পাঁচগুণ বেগেৰে উৰিব পৰাকৈ ডিজাইন কৰা হৈছে।
কেচিএনএৰ এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ নিমন্ত্ৰণত ৰাছিয়া ভ্ৰমণ কৰিবলৈ দেওবাৰে বৈদেশিক মন্ত্ৰী চ’ ছান হুইৰ নেতৃত্বত উত্তৰ কোৰিয়াৰ এটা প্ৰতিনিধি দলে পিয়ংইয়াঙৰ পৰা ৰাওনা হয়। জাপান টুডেৰ বাতৰি অনুসৰি আমেৰিকা আৰু দক্ষিণ কোৰিয়া চৰকাৰে দাবী কৰিছে যে উত্তৰ কোৰিয়াই ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াক অন্যান্য অস্ত্ৰৰ লগতে গোলাবাৰুদ আৰু মিছাইল যোগান ধৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
