
নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নড্ডাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশজোৰা ‘বৃহৎ স্বচ্ছতা অভিযান’ত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ আহ্বানত সমগ্ৰ দেশতে এই অভিযান আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ ২২ জানুৱাৰীত সামৰণি পৰিব।
বিজেপিৰ সভাপতি নড্ডাই নতুন দিল্লীৰ কৰোল বাগৰ গুৰু ৰবিদাস মন্দিৰত ‘ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠ’ উপলক্ষে আৰম্ভ কৰা এক সপ্তাহজোৰা স্বচ্ছতা অভিযান আৰু শ্ৰমদান কাৰ্যসূচীত অংশ লয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
