নতুন দিল্লী, ১৩ জানুৱাৰী (হি.স.)। ইৰাণৰ সমকক্ষ হোছেইন আমিৰ-আব্দুল্লাহিয়ানৰ সৈতে আলোচনাৰ বাবে ১৪-১৫ জানুৱাৰীত ইৰাণ ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা অনুসৰি দুয়োপক্ষৰ মাজত চলি থকা উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ অংশ হিচাপে অহা ১৪-১৫ জানুৱাৰীত ইৰাণ ভ্ৰমণ কৰিব বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে। তেওঁ ইৰাণৰ বৈদেশিক মন্ত্ৰী ড০ হোছেইন আমিৰ-আব্দুল্লাহিয়ানক সাক্ষাৎ কৰি দ্বিপাক্ষিক, আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত আলোচনা কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাজনৈতিক সহযোগিতা, সংযোগৰ পদক্ষেপ আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ দিশ হ’ব।
হিন্দুস্থান সমাচাৰ/ সুশীল/মনোজ
