নতুন দিল্লী, ১৩ জানুৱাৰী (হি.স.)। শুকুৰবাৰে আহমেদাবাদত গুজৰাটৰ বিৰুদ্ধে কৰ্ণাটকৰ ৰঞ্জি ট্ৰফী ২০২৩-২৪ মেচখনৰ উদ্বোধনী দিনটোত ফাষ্ট বলাৰ প্ৰসিধ কৃষ্ণই বাওঁ ভৰিৰ মাংসপেশীত আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ফলত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পাঁচখন খেলৰ প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হয় প্ৰসিদ্ধ।
প্ৰসিদ্ধই ১৪.৫ অভাৰ বলিং কৰি খেলপথাৰৰ পৰা লেঙেৰাই লেঙেৰাই আঁতৰি যায়, এই সময়ছোৱাত তেওঁ মনন হিংগৰাজিয়া আৰু সিদ্ধাৰ্থ দেশাইৰ উইকেট দখল কৰে, ইয়াৰ ফলত কৰ্ণাটকে গুজৰাটক ৮৮ অভাৰত ২৬৪ ৰানত সীমাবদ্ধ কৰি ৰাখে।
কৰ্ণাটক দলৰ ফিজিঅ’গৰাকীয়ে বৰ্তমান প্ৰসিদৰ যত্ন লৈছে যদিও বিচিচিআইৰ চুক্তিবদ্ধ খেলুৱৈ হিচাপে তেওঁ ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দুদিনীয়া খেলখনৰ বাবে আহমেদাবাদত থকা ইণ্ডিয়া এৰ সহায়ক কৰ্মচাৰীৰ সৈতেও যোগদান কৰিব পাৰে।
লাম্বাৰ ষ্ট্ৰেছ ফ্ৰেক্টৰৰ বাবে প্ৰায় এবছৰ ধৰি খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছত শেহতীয়াকৈ ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত টেষ্টত পদাৰ্পন কৰিছিল প্ৰসিদ্ধই। কিন্তু দক্ষিণ আফ্ৰিকাত এই টেষ্ট শৃংখলা ১-১ গ’লত ড্ৰ’ হৈছিল যদিও প্ৰসিদ্ধৰ বাবে এই সময় অনুকূল নাছিল। টেষ্ট মেচ দুখনত দুটা উইকেট দখল কৰিবলৈ তেওঁ গড়ে ৬৫ ৰান দিয়াৰ লগতে ৪.৬৪ ইকনমি ৰেটেৰে টেষ্ট শৃংখলাত ভাৰতৰ আটাইতকৈ ব্যয়বহুল বলাৰ হিচাপে পৰিগণিত হয়।
মহম্মদ ছামী এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সাজু হোৱা নাই, প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় দলৰ বেগী বলাৰ হিচাপে মহম্মদ চিৰাজ আৰু আবেশ খান আছে।
প্ৰথম দুখন টেষ্ট হায়দৰাবাদ (২৫-২৯ জানুৱাৰী) আৰু বিশাখাপট্টনম (২-৬ ফেব্ৰুৱাৰী)ত অনুষ্ঠিত হ’ব, ইয়াৰ পূৰ্বে দল দুটা ৰাজকোট (১৫-১৯ ফেব্ৰুৱাৰী), ৰাঁচী (২৩-২৭ ফেব্ৰুৱাৰী) আৰু ধৰ্মশালা (৭-১১ মাৰ্চ)ত খেলিব।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
