গুৱাহাটী, ১২ জানুৱাৰী (হি.স.)। ২০২১ চনৰ পৰা ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত ২০ নম্বৰ প্ৰপত্ৰত মাত্ৰ ভোট কেন্দ্ৰৰ নম্বৰ উল্লেখ থাকে কিন্তু ভোট কেন্দ্ৰৰ নাম, প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ দলৰ নাম উল্লেখ নাথাকে। এই বিষয়ত নিৰ্বাচন আয়োগক স্বচ্চতা অবলম্বন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি নিৰ্বাচন আয়োগক আহ্বান জনায় এখন প্ৰপত্ৰ প্ৰেৰণ কৰে। প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ দলৰ নাম উল্লেখ নাথাকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভানেত্ৰী ববীতা শৰ্মাই আজি এক সংবাদ মেলৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰে।
তেওঁ কয় যে, ২০২১ চনৰ পুৰ্বে ২০ নম্বৰ প্ৰপত্ৰত ভোট কেন্দ্ৰৰ নম্বৰৰ সৈতে ভোট কেন্দ্ৰৰ নাম, প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ নাম আৰু প্ৰাৰ্থী গৰাকী প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলৰ নাম উল্লেখ আছিল। কিন্তু নিৰ্বাচন আয়োগে আচৰ্যজনক ভাবে পুৰ্বৰ পদ্ধতি বাতিল কৰি নতুন পদ্ধতি প্ৰচলন কৰে। আয়োগে আৰম্ভ কৰা শেহতীয়া পদ্ধতিৰ ফলত নিৰ্বাচন সংক্ৰান্ত কোনো তথ্য বিচাৰিব লাগিলে আন কোনো সংস্থা, শাসকীয় দলৰ বাহিৰে আন কোনো ৰাজনৈতিক দল সমূহৰ অসুবিধাৰ সন্মুখীন হয়।
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
