নতুন দিল্লী, ১২ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় জনতা পাৰ্টিয়ে স্বামী বিবেকানন্দৰ গুণ স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে। আজি স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জন্ম বাৰ্ষিকীত উদযাপন হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱও উদ্বোধন কৰিব। মহাৰাষ্ট্ৰৰ নাছিকত এই মহোৎসৱৰ আয়োজন কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সহেণ্ডেলত লিখিছে -‘‘ভাৰতীয় আধ্যাত্ম আৰু সংস্কৃতিক বিশ্বত প্ৰতিষ্ঠাপিত কৰা স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱসত শত শত শ্ৰদ্ধাঞ্জলি। শক্তি আৰু উৎসাহেৰে পৰিপূৰ্ণ, তেওঁৰ চিন্তা আৰু বাৰ্তাবোৰে যুৱসকলক যুগ যুগ ধৰি কিবা কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।’’
হিন্দুস্থান সমাচাৰ/মুকুন্দ
