গুৱাহাটী, ১০ জানুৱাৰী (হি.স.)। মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱা বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি পুৱাই নীলাচল পাহাৰৰ বুকুত থকা শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰে।
পুৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে মা কামাখ্যা মন্দিৰত উপস্থিত হয় আৰু মাৰ আশীষ লয়। মন্দিৰ দৰ্শনৰ সময়ত নড্ডাক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই।
ইফালে মা কামাখ্যাৰ আশীষ লৈ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কইনাধৰাস্থিত অতিথিশালালৈ উভতি যায়। উল্লেখ্য যে মঙলবাৰে নিশা ১০ বজাত জে পি নড্ডাই বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় আৰু বিমান বন্দৰতে তেওঁক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই। ইফালে মঙলবাৰে নিশাটো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কইনাধৰাৰ অতিথিশালাতে কটায়। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ এক দলীয় কাৰ্যাসূচীত অংশগ্ৰহণ কৰে নড্ডাই। ইফালে খানাপাৰাৰ পৰা কলাক্ষেত্ৰলৈ যোৱা সমগ্ৰ পথছোৱাত প্ৰায় দহ হাজাৰ দলীয় কাৰ্য্যকৰ্তাই উপস্থিত থাকি ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰি নিয়ে।
ইফালে আজি সন্ধিয়া বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত দলৰ এখন গুৰুত্বপূৰ্ণ সভাতো ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰাৰ কথা। আনহাতে আজি নিশাতো তেওঁ কইনাধৰাৰ অতিথিশালাতে কটাই কাইলৈ পুৱা ৯ বজাত দলীয় কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে ইটানগৰ অভিমুখে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
