নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে দেশবাসীক অভিনন্দন জনাইছে। লগতে তেওঁ বিশ্বজুৰি বসবাস কৰা ভাৰতীয় প্ৰবাসীসকলৰ অৱদান আৰু সাফল্যৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত লিখিছে, ‘প্ৰবাসী ভাৰতীয় দিৱসৰ বাবে অভিনন্দন। সমগ্ৰ বিশ্বতে বসবাস কৰা ভাৰতীয় প্ৰবাসীসকলৰ অৱদান আৰু সাফল্যক উদযাপনৰ দিন। আমাৰ চহকী ঐতিহ্য সংৰক্ষণ আৰু বিশ্বৰ সম্পৰ্ক সুদৃঢ় কৰাৰ দিশত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ সমৰ্পণ প্ৰশংসনীয়। এই সকলোবোৰেই সমগ্ৰ বিশ্বতে ভাৰতৰ মনোভাৱৰ প্ৰতীক আৰু ভাৰতীয় প্ৰবাসীসকলৰ মাজত ঐক্য আৰু বৈচিত্ৰ্যৰ মনোভাৱক প্ৰসাৰিত কৰে।”
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
