কামৰূপ, ০৮ জানুৱাৰী (হি স)। হাজো জিম হাউচৰ উদ্যোগত অনুষ্ঠিত হয় পঞ্চতীৰ্থশ্ৰী ২০২৪ দেহশ্ৰী প্ৰতিযোগিতা। হাজোৰ বিষ্ণুপুৰস্থিত জিম হাউচ প্ৰাঙ্গণত অনুষ্ঠিত এই দেহশ্ৰী প্ৰতিযোগিতাখন উদ্বোধন কৰে আছুৰ উপদেষ্টা প্ৰকাশ দাসে।
অৰ্ধশতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা দুটাকৈ শিতানত অনুষ্ঠিত এই প্ৰতিযোগিতা খনত বডি বিল্ডিং শাখাত ৰিংকু দাসে পঞ্চতীৰ্থশ্ৰী ২০২৪ আৰু স্পৰ্টচ পিজিক শিতানত আমিৰ আলী শ্ৰেষ্ঠ বিবেচিত হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
