-দ্বাদশ সংসদীয় নিৰ্বাচনত জনসাধাৰণৰ বিৰোধী দলতকৈ নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত অধিক আস্থা প্ৰকাশ
ঢাকা, ০৮ জানুৱাৰী (হি.স.)। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পঞ্চমবাৰৰ বাবে ক্ষমতা দখল কৰাৰ পথ মুকলি হৈছে। দেওবাৰে অনুষ্ঠিত হোৱা দ্বাদশ সংসদীয় সাধাৰণ নিৰ্বাচনত তেওঁৰ দল বাংলাদেশ আৱামী লীগে এই জনাদেশ লাভ কৰিছে। বাংলাদেশ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ভোট গণনাৰ ফলাফল।
স্থানীয় বাতৰি কাকত ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি আৱামি লীগে ২২৩খন আসন লাভ কৰিছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গোপালগঞ্জ-৩ সমষ্টিত ব্যাপক ব্যৱধানত জয়লাভ কৰে। সংসদৰ সদস্য হিচাপে এয়া হ’ব তেওঁৰ অষ্টমটো কাৰ্যকাল।
আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি জনসাধাৰণে কোনো ৰাজনৈতিক দলতকৈ নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। এইবাৰৰ নিৰ্বাচনত ৬৩ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়। আয়োগৰ তথ্য অনুসৰি জাতীয় পাৰ্টিয়ে ৩০০ খনৰ ভিতৰত মাত্ৰ ১১খন আসনহে লাভ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
