নগাঁও, ০৭ জানুৱাৰী(হি.স.)। জুৰীয়াত চোৰৰ উপদ্ৰৱ। কালি নিশা চলালে মছজিদত চাফাই অভিযান। বাসগৃহত নহয় এইবাৰ পৱিত্ৰ মছজিদত চোৰৰ চাফাই অভিযান। অভিযান চলাই চোৰে লৈ গ’ল মছজিদৰ মাইকৰ মেচিন।
জুৰীয়াৰ পূব চতিয়ানত চোৰে চলালে অভিযান ।জুৰীয়াৰ পূব চতিয়ানৰ আমিন পাৰা মছজিদত চোৰে চলালে অভিযান। ইফালে জুৰীয়া আৰক্ষী আৰু একাংশ গাঁওৰক্ষী বাহিনীৰ নিষ্ক্ৰিয়তাৰ বাবেই পূব চতিয়ান গাঁৱৰ লগতে বিভিন্ন অঞ্চলত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আহিছে।গাঁও ৰক্ষী বাহিনীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
