কামৰূপ, ০৭ জানুৱাৰী (হি স)। কামৰূপ জিলাৰ বকোৰ বৰখালত এক অঘটন সংঘটিত হৈছে। বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন আঘাতপ্ৰাপ্ত হয়। নিহত লোকজন বৰখালৰ কমলেশ্বৰ বড়ো (৫৫) বুলি পৰিচয় পোৱা গৈছে।
ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অমল ৰাভা (৪০) নামৰ লোকজন। আঘাতপ্ৰাপ্তক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। জাকৰ পৰা ফালৰি কাটি অহা হাতী এটাই চলাইছে এই তাণ্ডৱ। বনৰীয়া হাতীটো খেদিবলৈ যাওঁতে সংঘটিত হয় এই অঘটন। হাতীটোৱে খেদি আহি আক্ৰমণ চলায়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
