ঢাকা, ০৭ জানুৱাৰী (হি.স.)। বাংলাদেশ আৱামি লীগৰ সভাপতি তথা প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই দ্বাদশ সংসদীয় ৰাষ্ট্ৰীয় নিৰ্বাচনত তেওঁৰ দলে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই জনাদেশ তেওঁৰ পক্ষত আহিব। ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি আজি পুৱা ভোটদানৰ অন্তত তেওঁ সাংবাদিকৰ আগত এই মন্তব্য কৰে।
সাংবাদিকসকলৰ এক প্ৰশ্নৰ উত্তৰত শ্বেখ হাচিনাই কয় যে বাংলাদেশ নেচনেলিষ্ট পাৰ্টি সন্ত্ৰাসবাদীৰ দল। এই দলটোৱে কেতিয়াও নিৰ্বাচনত বিশ্বাস নকৰে। নিৰ্বাচনত ৰিগিং আৰু বেলট পেপাৰত হেতালি খেলা এই দলৰ চৰিত্ৰ। এতিয়া তেওঁলোকে এই সুযোগ পোৱা নাই। সেইবাবেই তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিছে।
এগৰাকী বিদেশী সাংবাদিকে নিৰ্বাচনৰ বিশ্বাসযোগ্যতাৰ বিষয়ে সোধাত প্ৰধানমন্ত্ৰী হাছিনাই কয় যে সন্ত্ৰাসবাদী দলৰ সন্মুখত মোৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিব নালাগে। মই ৰাইজৰ ওচৰত জবাবদিহি। মানুহে গ্ৰহণ কৰিব নে নকৰে সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ।” লগতে দেশবাসীক ভোটকেন্দ্ৰলৈ গৈ ভোটদান কৰিবলৈ আহ্বান জনায়।
পুৱা ৮:৩০ বজাত ঢাকা চিটি কলেজৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভোটদান কৰে। লগতে তেওঁৰ কন্যা ছাইমা ৱাজেদ আৰু ভগ্নী শ্বেখ ৰেহানাও উপস্থিত থাকে। ঢাকা চিটি কলেজ চেণ্টাৰ ঢাকা-১০ সমষ্টিৰ অন্তৰ্গত। ইয়াৰ পৰাই আৱামী লীগৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈছে অভিনেতা ফিৰদৌছ আহমেদে। ভোটগ্ৰহণ কেন্দ্ৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় আহমেদে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
