ৱাশ্বিংটন, ০৭ জানুৱাৰী (হি.স.)। শনিবাৰে গভীৰ নিশা আমেৰিকাৰ বিমান সুৰক্ষা নিয়ন্ত্ৰকে আলাস্কা এয়াৰলাইন্সৰ ১৭০খনতকৈও অধিক বয়িং ৭৩৭ মেক্স ৯ বিমানৰ বিমান সাময়িকভাৱে বন্ধ কৰি দিয়ে। অৰেগনত সংঘটিত হোৱা কাণ্ডৰ পিছতেই হৈছে বায়ু সুৰক্ষা নিয়ন্ত্ৰকৰ এই সিদ্ধান্ত গ্ৰহণ কৰে। এই ঘটনাত বয়িং বিমানখনৰ দুৱাৰখন আকাশৰ মাজত ভাঙি যায়। যাৰ ফলত যাত্ৰীসকলৰ জীৱন বিপন্ন হৈ পৰে। ইয়াৰ পিছত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল।
দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে বয়িঙৰ ৭৩৭ মেক্স ৯ বিমানৰ তৎকালীন তদন্তৰ নিৰ্দেশ দিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই বিমানসমূহে উৰণ আৰম্ভ কৰিব পাৰিব। শনিবাৰে গভীৰ নিশা জাৰি কৰা এই নিৰ্দেশৰ পিছত প্ৰায় ১৭১খন বয়িং ৭৩৭-৯ মেক্স ছিৰিজৰ বিমানে আমেৰিকাত উৰিব নোৱাৰিব। প্ৰতিবেদন অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ১৬ হাজাৰ ফুট উচ্চতাত এই বিমানখনৰ জৰুৰীকালীন প্ৰস্থান দুৱাৰখন বিধ্বস্থ হয়। বিমানখনত ১৭১ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল। পৰ্টলেণ্ডৰ পৰা কেলিফৰ্ণিয়াৰ অন্টাৰিঅ’লৈ গৈ আছিল বিমানখন। দুৱাৰখন ভাঙি পৰাৰ পিছত বিমানখনৰ ভিতৰৰ চাপ কমি অহাত অক্সিজেন মাস্ক খুলি দিয়া হয়। অৱশ্যে বিমানত থকা সকলোৱে নিৰাপদে আছিল।
ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি বিমান যাত্ৰী এলিজাবেথ (২০)য়ে কয় যে বিমানত বহি থকা অৱস্থাত সাধাৰণতে শুনা শব্দতকৈ ১০ গুণ বেছি শব্দ শুনা গৈছিল। একেবাৰে কাণ দুখন যেন ফাটি যাব যেন লাগিছিল। আন এগৰাকী বিমান যাত্ৰী কেলি ৰিংকাৰৰ মতে, দুৱাৰৰ কাষৰ চিটত এজন শিশু বহি আছিল। তাৰ চাৰ্টটো ফাটি গ’ল।
ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি দুৱাৰ ভাঙি পৰাৰ লগে লগে পাইলটে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। অডিঅ’ ৰেকৰ্ডিঙত পাইলটে বিমান পৰিবহণ নিয়ন্ত্ৰণক অৱতৰণৰ বিষয়ে সুধি থকা শুনা যায়। প্ৰতিবেদনত কোৱা হৈছে যে এই ছিৰিজৰ বিমান বিশ্বত সৰ্বাধিক ব্যৱহৃত। ২০১৮ চনত ইণ্ডোনেছিয়াৰ বিমান সংস্থাৰ অধীনত উৰণৰ সময়ত এই বিমানখন প্ৰথমবাৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তেতিয়া প্ৰায় ১৮৯ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছত ২০১৯ চনৰ মাৰ্চ মাহত আন এখন বয়িং ৭৩৭ মেক্স বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ ফলত ১৫৭ জন লোকৰ মৃত্যু হয়। ইয়াৰ তিনিদিন পিছত আমেৰিকাই এই বিমান সেৱা নিষিদ্ধ কৰিছিল। ২০২১ চনত বয়িঙে আমেৰিকাৰ ন্যায় বিভাগক ২.৫ বিলিয়ন ডলাৰৰ জৰিমনা আদায় দিছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
