হোজাই, ০৬ জানুৱাৰী (হি স)। হোজাইৰ লংকাৰ নখুটীত বন্যহস্তীৰ উপদ্ৰৱ চলিব ধৰিছে। নখুটী ফৰেষ্ট কাৰ্য্যলয়ৰ সমিপতেই থকা এঘৰত নিশা বন্যহস্তীয়ে সন্ত্ৰাস চলায়।
খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে উক্ত লোকজনৰ ঘৰ দুৱাৰ ভঙাৰ লগতে বাড়ীৰ গছ-গছনী, মজুত কৰি ৰখা ধান খাই বিষ্টৰ অনিষ্ট সাধন কৰে। উল্লেখ্য় যে, উক্ত অঞ্চলটোত প্ৰায় সঘনাই চলি থাকে বন্যহস্তীৰ সন্ত্ৰাস। ফলত আতকিংত হৈ পৰিছে গঞা ৰাইজ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
