কোটা, ০৬ জানুৱাৰী (হি.স.): ৰাজস্থানৰ কোটা জংচন ষ্টেচনৰ সমীপত যোধপুৰ-ভূপাল যাত্ৰীবাহী ৰে’ল ৰেলপথৰ পৰা ওলাই আহিল। শুকুৰবাৰে গভীৰ নিশা যোধপুৰ-ভূপাল যাত্ৰীবাহী ৰে’লৰ দুটা ডবা লাইনচ্যুত হয়। এই ঘটনাত কোনো লোক আহত হোৱা নাই। দুৰ্ঘটনাটোৰ বাবে ৰে’ল সেৱা ব্যাহত হৈ পৰে। লগতে ৰে’ল লাইনৰ ক্ষতিসাধন হয়।
ৰে’লৱেৰ তথ্য অনুসৰি শুকুৰবাৰে গভীৰ নিশা কোটা জংচন ষ্টেচনৰ সমীপত যোধপুৰ-ভূপাল যাত্ৰীবাহী ৰে’লৰ দুটা ডবা ৰে’লপথৰ পৰা লাইনচ্যুত যায়। এই ঘটনাত কোনো লোক আহত হোৱা নাই। অৱশ্যে যাত্ৰীসকলৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হয়। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ৰে’লৱেই তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
