দৰং, ০৫ জানুৱাৰী(হি.স.)। হিট এণ্ড ৰান আইন প্ৰত্যাহাৰৰ দাবীত সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ শ শ শ্ৰমিকে আজি দলগাওঁ বিধান সভা সমষ্টিৰ খাৰুপেটীয়াৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদী শ্ৰমিক সকলে হিট এণ্ড ৰান আইন প্ৰত্যাহাৰ কৰক , মোদী চৰকাৰ মুৰ্দাবাদ, মোদী গ বেগ ,অমিত শ্বাহ গ বেগ , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদৰ সময়ত গাড়ীৰ চলাচলতো বাধা প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
