নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা কৰি ‘মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম’ নামকৰণৰ প্ৰস্তাৱত অনুমোদন জনায়।
এক আনুষ্ঠানিক বিবৃতি অনুসৰি অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰাটো অযোধ্যাৰ অৰ্থনৈতিক সম্ভাৱনা আৰু বিশ্বব্যাপী তীৰ্থস্থান হিচাপে ইয়াৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে, আৰু বিদেশী তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। বিমানবন্দৰটোৰ নামেৰে ‘মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম’ মহাকাব্য ৰামায়ণ ৰচনা কৰা ঋষি মহৰ্ষি বাল্মিকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিমানবন্দৰৰ পৰিচয়ত সাংস্কৃতিক স্পৰ্শ সংযোজন কৰা হৈছে।
গভীৰ সাংস্কৃতিক শিপা থকা অযোধ্যাই কৌশলগতভাৱে এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ আৰু তীৰ্থস্থান হিচাপে গঢ়ি তুলিছে। আন্তঃৰাষ্ট্ৰীয় তীৰ্থযাত্ৰী আৰু ব্যৱসায়ীক আকৰ্ষণ কৰিব পৰা এই বিমানবন্দৰৰ ক্ষমতা চহৰখনৰ ঐতিহাসিক প্ৰাধান্যৰ সৈতে সামঞ্জস্যপূৰ্ণ।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ/অৰবিন্দ
