ওদালগুৰি, ০৫ জানুৱাৰী(হি.স.)। ৰাজ্যত আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ গুণোৎসৱত ভাষা বিতৰ্কৰ সৃষ্টি হৈছে। মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীত দিয়া হ’ল গণিত আৰু বিজ্ঞান বিষয়ৰ প্ৰশ্ন। চৰকাৰে মাতৃভাষাক অৱজ্ঞা কৰা কাৰ্য্যত ক্ষোভ প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাই। বড়ো তথা মাতৃভাষাৰ পৰিৱৰ্তে গণিত আৰু বিজ্ঞান বিষয়ৰ প্ৰশ্নৰ মাধ্যম ইংৰাজী কৰাৰ বিৰোধিতা কৰিছে। চৰকাৰে বড়ো সাহিত্য সভাৰ লগত হোৱা আলোচনাৰ বিষয় সমূহক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে । আলোচনাত আশ্বাস দিয়াৰ পিছতো ইংৰাজী মাধ্যম জাপি দিয়াত ক্ষোভ ব্য়ক্ত কৰে। চৰকাৰে কাৰ সৈতে আলোচনা কৰি সিদ্ধান্ত সলনি কৰিলে বুলিও প্ৰশ্ন তুলিছে বড়ো সাহিত্য সভাই।
মাতৃ ভাষাৰ মাধ্যমৰ ওপৰত ইংৰাজী মাধ্যম জাপি নিদিবলৈ অনুৰোধ জনাইছে বড়ো সাহিত্য সভাই। বিভিন্ন ভুলেৰে বড়ো ভাষাৰ প্ৰশ্ন ছপা কৰাৰো অভিযোগ সাহিত্য সভাৰ। চৰকাৰে বড়ো মাধ্যমৰ সৈতে হেতালি খেলিব বিচৰা বুলিও অভিযোগ কৰে । ওদালগুৰিত এনেদৰে ক্ষোভ প্ৰকাশ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিলকান্ত গয়াৰীয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
