-নেপালৰ ক্ৰিকেট খেলুৱৈৰ সৈতে মিলিত
কাঠমাণ্ডু, ০৫ জানুৱাৰী (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে শুকুৰবাৰে নেপাল ভ্ৰমণৰ অন্তিম দিনা কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰত পূজা অৰ্চনা কৰে। জয়শংকৰে শুক্ৰবাৰে ৰাতিপুৱা পশুপতিনাথ মন্দিৰ দৰ্শন কৰিছিল আৰু যথাযথ ধৰ্মীয় উৎসাহেৰে পূজা অৰ্চনা কৰিছিল। তেওঁ লগতে গছপুলি ৰোপণ কৰে আৰু ভাৰত আৰু নেপাল দুয়ো খন দেশৰে কল্যাণৰ বাবে পশুপতিনাথ মন্দিৰত প্ৰাৰ্থনা কৰে।
পশুপতিনাথ মন্দিৰত প্ৰাৰ্থনা কৰাৰ পিছত জয়শংকৰে কয়, পশুপতিনাথ মন্দিৰ দৰ্শন কৰি ধন্য। মই আমাৰ দুয়োখন দেশৰ মাজত কল্যাণ আৰু বন্ধনৰ বাবে প্ৰাৰ্থনা জনাইছো। জয়শংকৰ বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণত নেপালৰ ৰাজধানী কাঠমাণ্ডুত উপস্থিত হয়। শুক্ৰবাৰে তেওঁৰ নেপাল ভ্ৰমণৰ অন্তিম দিন।
বিদেশ মন্ত্ৰী জয়শংকৰে কাঠমাণ্ডুত নেপালৰ ক্ৰিকেট খেলুৱৈসকলকো লগ পাইছিল। বিদেশ মন্ত্ৰী জয়শংকৰে নেপালৰ ক্ৰিকেট খেলুৱৈৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফটোখন নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, ‘নেপালৰ ক্ৰিকেট খেলুৱৈৰ লগত কথা পাতি সুখী হৈছিলোঁ। টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছো। বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাস দিছো।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
