
গোলাঘাট, ০৫ জানুৱাৰী (হি স)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানৰ শিহৰণকাৰী পথ দুৰ্ঘটনাৰ শোক মাৰ নৌযাওঁতেই পুনৰ দেৰগাঁৱত সংঘটিত হৈছে আন এক পথ দুৰ্ঘটনা। এইবাৰ এল.পি ট্ৰাক আৰু মটৰ চাইকেলৰ আৰোহীৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাঘটে। দেৰগাঁৱৰ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
উল্লেখ্য় যে দেৰগাঁৱৰ বালিজানত যোৱা ৩ জানুৱাৰীত সংঘটিত হৈছিল এক শিহৰণকাৰী পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১২ জন লোক মৃত্য়ুমুখত পৰিছিল। এই ঘটনাৰ শোক মাৰ নৌযাওঁতেই পুনৰ দেৰগাঁৱত সংঘটিত হৈছে পথ দুৰ্ঘটনা। জানিব পৰা মতে, যোৰহাটৰ পৰা দেৰগাঁও অভিমুখে আহি থকা এখন মালবাহী ট্ৰাকৰ খুন্দাত আহত হয় মটৰ চাইকেল আৰোহী। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত মটৰ চাইকেলত অহা আৰোহীজনক দেৰগাঁও সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ/মনোজ
