
ওদালগুৰি, ০৪ জানুৱাৰী (হি.স.): ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তর্গত ডিমাকুছিত বিগত বৰ্ষৰ দৰে এই বেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বার্ষিক অখণ্ড নাম-যজ্ঞ অনুষ্ঠিত হৈছে ৷ প্ৰতি বছৰে ওদালগুৰি জিলাৰ ১ নং ডিমাকুছি গাঁৱৰ ৰাইজে মিলি ডিমাকুছি বিবাহ ভৱনত অখণ্ড নামযজ্ঞ অনুষ্ঠিত কৰি আহিছে ।
উদযাপন সমিতিৰ সভাপতি সাধন বৈষ্ণৱ আৰু সম্পাদক বিশ্বজিৎ মণ্ডলে প্ৰতিদিনে অষ্টকালীন লীলা কীৰ্তন আদিৰে হৰি-নাম ধ্বনিৰে মুখৰিত হৈ পৰিব অখণ্ড নাম-যজ্ঞ স্থলী বুলি জনাইছে। অখণ্ড নাম-যজ্ঞ উদযাপনত আজি আবেলি আমন্ত্ৰিত অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।
সেয়েহে প্ৰতিদিনে জাতি-ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
