-দুৰ্ঘটনাটোত আহত আটাইকেইজনে লাভ কৰিব ৫০ হাজাৰ টকাকৈ সাহায্য
গুৱাহাটী, ০৩ জানুৱাৰী (হি.স.)। গোলাঘাট পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালিন সাহাৰ্য ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
গোলাঘাট পথ দুৰ্ঘটনা সন্দৰ্ভত বুধবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে। তেওঁৰ বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। এই দুৰ্ঘটনাত নিহত হোৱা সকলোৰে পৰিয়ালক প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ সাহায্য আৰু আহতসকলক ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে বুধবাৰে পুৱা প্ৰায় ৫ বজাত গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত বনভোজলৈ যোৱা এদল লোক কঢ়িয়াই অনা বাছ আৰু ট্ৰাকৰ মাজত ভয়াৱহ সংঘৰ্ষ সংঘটিত হয়। এই পথ দুৰ্ঘটনাত তিনি শিশুসহ ১২ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত ট্ৰাক আৰু বাছ চালকদ্বয়ো আছে ।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ
