বলীউড অভিনেতা আমিৰ খানৰ মৰমৰ কন্যা আয়ৰা খানৰ আজি বিবাহ পাশত আৱদ্ধ হ’বলৈ গৈ আছে। ফিটনেছ প্ৰশিক্ষক নুপুৰ শিখাৰেৰ সৈতে বিবাহত বহিব আয়ৰাই। বান্দ্ৰাৰ তাজ লেণ্ড এণ্ড হোটেলত অনুষ্ঠিত হ’ব দুয়োৰে ৰাজকীয় বিবাহ।
আয়ৰা আৰু নুপুৰৰ প্ৰি-ৱেডিং প্ৰগ্ৰেম আৰম্ভ হৈছে। দুয়োৰে মাহ-হালধী অনুষ্ঠান ২ জানুৱাৰীত অনুষ্ঠিত হয়। ইয়াৰে বলীউডৰ অভিনেতা ছলমান খানৰ ঘৰত আয়ৰাৰ মাহ-হালধী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আমিৰৰ কন্যাৰ বিয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ক। ইফালে আয়ৰা আৰু নুপুৰৰ বিয়াত উপস্থিত থকা অতিথিসকলৰ বাবে বিশেষ নিয়ম বান্ধি দিয়া হৈছে। এই নিয়মটো ন’-গিফ্ট নীতি। বিয়াত উপস্থিত থকা অতিথিসকলক ব্যতিব্যস্ত নকৰিবলৈ চৰ্ত আৰোপ কৰা হৈছে বুলি কোৱা হৈছে।
জানিব পৰা মতে, বিবাহৰ অতিথিসকলৰ পৰা উপহাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে আয়ৰা আৰু নুপুৰে তেওঁলোকৰ এন জি অ’লৈ অনুদান বিচাৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আয়ৰা আৰু নুপুৰে বিবাহৰ অতিথিসকলক উপহাৰৰ পৰিৱৰ্তে আগাটছু ফাউণ্ডেচনলৈ দান দিবলৈ অনুৰোধ জনাইছে। আয়ৰা আৰু নুপুৰৰ এই সিদ্ধান্তৰ শলাগ লৈছে সকলোতে।
মুম্বাইৰ তাজ লেণ্ডছ এণ্ডত পঞ্জীয়নভুক্ত পদ্ধতিৰে আয়ৰা আৰু নুপুৰৰ বিয়া হ’বলৈ ওলাইছে। বিয়াৰ পিছত ৬ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ দিল্লী আৰু জয়পুৰত অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰা হৈছে। এই পাৰ্টিত বলীউডৰ বহু অভিনেতা উপস্থিত থাকিব। আমিৰে নিজেই নিজৰ মৰমৰ কন্যাৰ বিয়াত বহু শিল্পীক নিমন্ত্ৰণ জনাইছে।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
