গোলাঘাট, ০২ জানুৱাৰী (হি.স.): গোলাঘাটৰ এগৰাকী কৰ্মোদ্যমী যুৱতীৰ ব্যতিক্ৰমী জীৱনযাত্ৰাৰে চৰ্চা লাভ কৰিছে। আনৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দিয়াৰ পৰা পিতৃক ৰেহাই দি নিজেই নামি পৰিছে কৃষিকৰ্মত। ঘৰতেই কৰিছে বাম খেতি, চাহ গছৰ খেতি, কাঠফুলাৰ লগতে পুহিছে এৰি পলু, হাঁহ-কুকুৰা ইত্যাদি।
চাকৰিমুখী নহৈ ঘৰতেই এজন ল”ৰাৰ সমান কাম কৰি উপাৰ্জনৰ বাট বুলিছে গোলাঘাটৰ মাটিখোলাৰ ১ নং বৰজানৰ নিজৰা গগৈ নামৰ যুৱতীগৰাকীয়ে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰাৰ লগতে নিজেই ঠেলাত টানি আনে হাঁহ-কুকুৰাৰ দানা,কিম্বা বজাৰলৈ কঢ়িয়াই নিয়ে সা-সামগ্ৰী। পিছে, বছৰ বছৰ ধৰি আবেদন কৰিও আজিকোপতি নাপালে এটা চৰকাৰী বাসগৃহ। যাৰ বাবে জহিখহি ৰৈছে তেওঁ বসবাস কৰা গৃহটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
