নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰায় ১০০ শতাংশ ব্যৱস্থা গ্ৰহণ কৰাত সফল হৈছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা। সংস্থাটোৰ পৰা লাভ কৰা তথ্য অনুসৰি ২০২৩ চনত এন আই এয়ে ৯৪.৭০ শতাংশ দোষী সাব্যস্ত হোৱাৰ হাৰ অৰ্জন কৰাৰ লগতে ৫৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল। এই সময়ছোৱাত ৬২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
এই পৰ্যন্ত এনআইএয়ে আইছিছৰ গোচৰৰ ৬৫ জন অভিযুক্ত, জেহাদী সন্ত্ৰাসবাদৰ ১১৪ জন, মানৱ সৰবৰাহৰ গোচৰৰ ৪৫ জন, সন্ত্ৰাসবাদী আৰু সংগঠিত অপৰাধমূলক কাৰ্যকলাপৰ গোচৰৰ ২৮ জন আৰু বাওঁপন্থী উগ্ৰবাদ (এলডব্লিউই) গোচৰৰ ৭৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে ২০২৩ চনত মুঠ ৬৮টা গোচৰ দাখিল কৰিছে। ২০২৩ চনৰ ভিতৰত দোষী সাব্যস্ত হোৱা ৭৪জন অভিযুক্তক শাস্তি হিচাপে ‘কঠোৰ কাৰাদণ্ড’ আৰু ‘জৰিমনা’ৰ শাস্তি প্ৰদান কৰা হয়। ২০২৩ চনত এন আই এয়ে ৪৭ জন অভিযুক্তক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।
এন আই এয়ে ফিলিপাইনছৰ পৰা অমৃতপাল সিং ওৰফে অম্মি, অমৃক সিং, মনপ্ৰীত সিং আৰু মনদ্বীপ সিঙক বিতাড়িত কৰিছিল। সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ পৰা বিতাড়িত হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় বিক্ৰম ব্ৰাৰ। বিতাড়ন আৰু প্ৰত্যাৰ্পণৰ পিছত কৰা গ্ৰেপ্তাৰসমূহে এন আই এৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে অপৰাধীক খেদি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
হিন্দুস্থান সমাচাৰ/ বিৰঞ্চি/মনোজ/অৰবিন্দ
